ৰাষ্ট্ৰীয় ঘাইপথত দাওঁ দাওঁকৈ জ্বলিল ট্ৰাক, কথমপি ৰক্ষা চালক হেন্দিমেনৰ

নিউজ ডেস্ক, ২৬ এপ্ৰিল:-ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে দাওঁ দাওঁ কৈ জ্বলিল এখন ট্ৰাক। অগ্নিদগ্ধ ট্ৰাক খনে কঢ়িয়াই আনিছিল চিমেণ্ট ।
যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথতে দাওঁ দাওঁ কৈ জ্বলিল চিমেন্ট ভৰ্তি ট্ৰাকখন ।
এই ট্ৰাকখন অগ্নিদগ্ধ হয় মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটৰ ১৩ মাইলত জানিব পৰা মতে জাগীৰোডৰ পৰা চাংচাৰি অভিমুখে গৈ আছিল ট্ৰাকখন ।
অগ্নিদগ্ধ ট্ৰাকখনৰ নম্বৰ ক্ৰমে AS 01 NC 7841
চিমেন্ট ভৰ্তি ট্ৰাক খন যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ১৩ মাইল পাওঁতে হঠাৎ দাওঁ দাওঁ জ্বলি উঠে ।
ঘটনাস্থলীত যোৰাবাট আৰক্ষী আৰু যান বাহন আৰক্ষী উপস্থিত হয় । ট্ৰাকখনত হঠাৎ জুই লগাত
চালক হেন্দিমেনৰ মাজত হুৱা দুৱা লাগে ।
উপযুক্ত সময়তে যোৰাবাট আৰক্ষী আৰু যান বাহন
আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকখন বেছি অংশই জুইত জাহ যায় ।