Local, Vocal, Global

ৰাজ্যৰ ১০ বছৰ পুৰণি বিহু উদযাপন সমিতিক ১.৫ লাখ টকাকৈ আৰ্থিক অনুদান-মুখ্যমন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্ক,৭ ফ্ৰেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ পৰা এখন সংবাদমেল সম্বোধন কৰ। এই সংবাদমেলত তেঁও চান্দা সংস্কৃতিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদমেলত তেঁও কয় যে, বৰ্তমান ৰাজ্য চৰকাৰে ৰাজ্যত চলি থকা পুৰণি চান্দা সংস্কৃতি শেষ কৰাৰ বাবে জনসাধাৰণৰ সৈতে আলোচনা কৰি আছে বুলি কয়।
               সেয়েহে এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ দহ বছৰ পুৰণি বিহু উদযাপন সমিতিসমূহক ১.৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াব বুলি ঘোষণা কৰে।লগতে পহিলা ব’হাগৰ পৰা সাত ব’হাগলৈ বিহু উদযাপন কৰা সমিতি সমূহেহে চৰকাৰৰ এই অনুদান লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কয়।