ৰাজ্যত বৰুণ দেৱতাৰ কাল ৰূপ

ৰাজ্যত বৰুণ দেৱতাৰ কালৰূপ।এজাক সপোন যেন বৰষুণ নহয়, যেন এজাক আপদীয় বৰষুণ। ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা বৰষুণৰ ফলত বতৰে লৈছে কালৰূপ। প্ৰতিদিনে হোৱা মুষলধাৰ বৰষুণৰ ফলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিক অৱনতি হৈ পৰিছে পৰিস্থিতি। ঠায়ে-ঠায়ে সৃষ্টি হৈছে বান। গুৱাহাটী মহানগৰীতো ক্ৰমাৎ বতৰে লৈছে ভয়াৱহ ৰূপ। মহানগৰীৰৰ ভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। স্তব্ধ হৈ পৰিছে মহানগৰীবাসীৰ স্বাভাৱিক জনজীৱন।বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অনাগত কিছুদিনলৈ ৰাজ্যত অব্যাহত থাকিব বৃষ্টিপাত।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আৰু কেইদিনমানলৈ অসম-মেঘালয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। ২৪ ছেপ্টেম্বৰত অসমত হ’ব প্ৰৱল বৃষ্টিপাত। অসমৰ লগতে পশ্চিম বংগতো হ’ব বৃষ্টিপাত।