ৰাজ্যত চলি আছে বৃহৎ চোৰাং গৰু সৰবৰাহ

ৰাজ্যত চলি আছে বৃহৎ চোৰাং গৰু সৰবৰাহৰ।ৰহাত পুনৰ চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ।আজি পুৱতি নিশা ৰহাৰ টোলগে’টত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২৬টাকৈ গোধন। এ,এছ-০১এল,চি-৩৮২১ নম্বৰৰ এখন ট্ৰাকে নগাঁও ৰূপহীহাটৰ পৰা গুৱাহাটীলৈ বুলি কঢ়িয়াই আনিছিল চোৰাং গৰু। আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনত অহা তিনিজনকৈ ব্যক্তি। যোৱা মঙ্গলবাৰেও সন্ধিয়া ৰহা টোলগে’টত আৰক্ষীয়ে জব্দ কৰিছিল ৩০টা গৰুভৰ্তি আন এখন ট্ৰাক। এএছ-০১এলচি-৮১৮৫ নম্বৰৰ উক্ত ট্ৰাকখনেও ৰূপহীহাটৰ পৰাই কঢ়িয়াই আনিছিল গোধন।আৰক্ষীৰ অনুসন্ধানত বাহন কেইখনত নাই গোধন সৰবৰাহৰ উপযুক্ত চালান তথা নথি-পত্ৰ।