ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ ভুৱা ফাৰ্মাচী
নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ ভুৱা ফাৰ্মাচী। কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলাই গৈছে ফাৰ্মাচী
অনুজ্ঞাপত্ৰ নোহোৱাকৈ ফাৰ্মাচী খুলি চেম্বাৰ বনাই MBBS চিকিৎসকৰ দৰে ৰোগী চোৱাত ব্যস্ত ভুৱা ফাৰ্মাচিষ্ট সকল।
ৰাজ্যৰ চুকে কোনে কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ ভুৱা ফাৰ্মাচী। বিশেষকৈ অতি ভিতৰুৱা গ্ৰাম্য চাহ বাগিচা এলেকাত চিকিৎসকৰ ৰূপত অৱৰ্তীৰ্ণ হৈছে একাংশ ভুৱা ফাৰ্মাচিষ্ট। কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলাই গৈছে ফাৰ্মাচী।
য’ত গ্ৰাম্য চাহ বাগিচাৰ লোক সকলক এইজন মনোজ কুমাৰ নাথ নামৰ এইগৰাকী স্বয়ম্ভূ চিকিৎসকে দিনে নিশাই চলাই আহিছে ভুৱা চিকিৎসা সেৱা। ওদালগুৰি জিলাৰ হাটীগৰ চাহ বাগিচা এলেকাত এনেদৰে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীয়ে মানুহৰ জীৱনৰ লগত খেলি আহিছে হেতালি। চিকিৎসাৰ নামত একপ্ৰকাৰ চলাই লুণ্ঠন। ইয়াৰ পাছতো কিয় কানসাৰ নাই ওদালগুৰি জিলাৰ স্বাস্থ্য বিভাগৰ।
আমাৰ এই বাতৰিৰ পাছত কি ব্যৱস্থা লয় সেইয়া অতি লক্ষ্যনীয় হব।
লগতে পঢ়ক : Unidentified person killed after being hit by Train : বিহালীত ৰে’লৰ খুন্দাত নিহত অচিনাক্ত ব্যক্তি