Local, Vocal, Global

ৰাজ্যত আজিৰে পৰা ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন।


নিউজ ডেস্কঃ সমগ্র দেশৰ লগতে ৰাজ্যতো আজিৰে পৰা আৰম্ভ হৈছে কিশোৰ কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান অভিযান। ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। সেই অনুসৰি, সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়তো ছাত্র-ছাত্ৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী। ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে।

ভেকচিন প্ৰদান কৰা বিদ্যালয়সমূহ হৈছে- কামৰূপ একাডেমী, ডনবস্ক স্কুল পাণবজাৰ, কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, টি. চি স্কুল, কলিৰাম উচ্চতৰ মাধ্যমিক স্কুল, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক স্কুল, কাজিৰঙা ইংলিছ একাডেমী, সোণাপুৰ উচ্চতৰ মাধ্যমিক স্কুল, নাহৰগুৰি উচ্চতৰ মাধ্যমিক স্কুল, জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, সোণাপুৰ কলেজ, কেন্দ্রীয় বিদ্যালয়, নাৰেংগী।

 কিশোৰ-কিশোৰীসকলক কেৱল ক’ভাক্সিনহে দিয়া হ’ব। বৰ্তমান ৰাজ্যত ১৪ লাখ পালি ক’ভাক্সিন প্ৰতিষেধক মজুত আছে। ৪ জানুৱাৰীত অতিৰিক্তভাৱে ৮.১৬ লাখ ভেকচিন অনা হ’ব। ভেকচিন প্ৰদানৰ বাবে ইতিমধ্যে CoWin এপৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। উল্লেখ্য যে, ৯ জানুৱাৰীলৈকে এই ভেকচিন প্ৰদান কাৰ্যসূচী সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে। তাৰোপৰি, ৰাজ্যৰ প্ৰায় ২০ লাখ ছাত্র-ছাত্ৰীক সাঙুৰি প্ৰদান কৰা হ’ব এই ভেকচিন।