ৰাজ্যত আকৌ ভ্ৰাম্যমাণৰ শিল্পীৰ দুৰ্দশা

ৰাজ্যত আকৌ ভ্ৰাম্যমাণৰ শিল্পীৰ দুৰ্দশা। চিকিৎসালয়ত শিল্পীৰ জীৱন-মৃত্যুৰ যুঁজ। দিশহাৰা পত্নী। বৰদৈচিলা থিয়েটাৰৰ ‘মৰমৰ বান্ধৱী বিদায় দিয়া’ নাটকখনৰ দুৰ্দান্ত আৰক্ষী বিষয়াগৰাকীৰ কথা মনত আছেনে? ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ কথা মনত আছেনে?
কহিনুৰ, শংকৰদেৱ, প্ৰাগজ্যোতিষ, ইতিহাস, বৰদৈচিলা, দেৱৰাজ আদি থিয়েটাৰত অভিনয়ৰে দৰ্শকৰ মন জয় কৰা ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ জীৱনত সম্প্ৰতি আৱৰি ধৰিছে অন্ধকাৰৰ ক’লা ডাৱৰে। নিম’নিয়া আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি GMCHৰ ICUত জীৱন-মৃত্যুৰে যুঁজি আছে। চিকিৎসাৰ প্ৰয়োজনীয় ধনৰ অভাৱত দিশহাৰা হৈ পৰিছে অভিনেতা গৰাকীৰ পত্নী বৰ্ণালী মহন্ত।
ৰাধা এবাৰ হাঁহি দে, ব্ৰেকিং নিউজ, মহীয়সী, অস্তপথ আদি নাটত দুৰ্দান্ত অভিনয়ৰে দৰ্শকৰ মন জয় কৰা অভিনেতাগৰাকীয়ে কোনোমতে নিজৰ সংসাৰখন চলাই আছিল। কিন্তু কাল কৰ’নাৰ বিভীষিকাত ভ্ৰাম্যমাণজগত হঠাতে বন্ধ হৈ পৰাত জীৱনলৈ নামি আহিল চৰম অমানিশা। সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ অভিনয় শিল্পী সন্থাৰ তৰফৰ পৰা শিল্পীগৰাকীলৈ কিছু সাহায্য প্ৰদান কৰিছে যদিও সেয়াও পৰ্যাপ্ত নহয়। চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱত দিশহাৰা হোৱা পত্নীয়ে বৰ্তমান বিচাৰিছে ৰাইজৰ সহানুভূতি।
শিল্পীগৰাকীলৈ সহায়ৰ বাবে Tarakeswar chakrabarty নামৰ UCO Bankৰ নলবাৰী শাখৰ একাউন্ট নম্বৰ 11080110063194 আৰু IFSC : UCBA0001108 সহায় কৰক। লগতে শিল্পীগৰাকীৰ পত্নী বৰ্ণালী মহন্তৰ ফোন নম্বৰ 8811947413