‘৮৩ৰ বিশ্বকাপ জয়ী দলৰ সাহায্যৰ বাবে সংগীতানুষ্ঠান কৰিছিল কোকিলকণ্ঠী লতা মংগেশকাৰে
নিউজ ডেস্ক, ৭ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় ক্ৰিকেটৰ লগত নিবিড় সম্পৰ্ক আছিল প্ৰসিদ্ধ কণ্ঠশিল্পী লতা মংগেশকাৰৰ।ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ভক্ত আছিল লতা মংগেশকাৰ। পৰৱৰ্তী সময়ত শচীন তেণ্ডুলকাৰৰ লগতো সুসম্পৰ্ক আছিল কণ্ঠশিল্পীগৰাকীৰ। তাৰোপৰি ভাৰতীয় ক্ৰিকেটৰ লগত আশীৰ দশকৰ আৰম্ভণিৰ পৰাই সম্পৰ্ক গঢ়ি উঠিছিল লতা মংগেশকাৰৰ।
উল্লেখ্য যে, বিশ্বৰ বলিষ্ঠ ক্ৰিকেট সংগঠন ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আৰ্থিক অৱস্থা আছিল অতি শোচনীয়।সেই সময়ত ব’ৰ্ডৰ সন্মান ৰক্ষা কৰিছিল মহান শিল্পীগৰাকীয়ে।১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত বিশ্বকাপ জয় কৰা দলক সম্বৰ্ধনা জনাবলৈ ব’ৰ্ডৰ কোষাগাৰত নাছিল ধন। ব’ৰ্ডৰ সভাপতি ৰাজ সিং ডুংগৰপুৰৰ অনুৰোধত এটি সংগীতানুষ্ঠানৰ বাবে মান্তি হৈছিল লতা মংগেশকাৰে আৰু সেই অনুষ্ঠানৰ পৰা বহু টকা সংগৃহীত হৈছিল। সেই ধনেৰেই বিশ্বজয়ী সদস্যসকলক ব’ৰ্ডে এডাল সোণৰ চেইন উপহাৰ দিছিল। কেৱল ক্ৰিকেটৰ ভক্ত বুলিয়েই নহয়, প্ৰয়োজনৰ সময়ত সহায়ৰ হাতো আগবঢ়াইছিল।