Local, Vocal, Global

৬০ মহলীয়া অট্টালিকাৰ পৰা বাগৰি মৃত্যু মাৰ্কিন সুন্দৰীৰ

নিউজ ডেস্ক,১ ফ্ৰেব্ৰুৱাৰীঃ এটা ৰহস্যজনক দূৰ্ঘটনা তাৰপিছতেই সৃষ্টি বিতৰ্কৰ। ৩১ জানুৱাৰী অৰ্থাৎ দেওবাৰে মিছ ইউ এছ এ- ২০১৯ চেছলি ক্ৰিষ্টৰ মৃত্যু হয়। ৩০ বছৰীয়া মাৰ্কিন সুন্দৰীগৰাকী ৬০ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যুমুখত পৰে। অট্টালিকাটোৰ নৱম মহলাত বাস কৰিছিল  মাৰ্কিন সুন্দৰীগৰাকীয়ে। কিন্তু ৰহস্যজনকভাৱে বাগৰি পৰি মৃত্যু হয় চেছলি ক্ৰিষ্টৰ। নিউয়ৰ্ক আৰক্ষী বিভাগৰ মতে ক্ৰিষ্টে এপাৰ্টমেণ্টৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল।
          উল্লেখ্য যে মিছ ইউ এছ এ প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত, ক্ৰিষ্টে ২০১৯ মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত ১০তম স্থান লাভ কৰিছিল।