Local, Vocal, Global

৪৮ ঘন্টাৰ ভিতৰত হ’ব নেকি তৃতীয় বিশ্ব যুদ্ধ ?

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী: ইউক্ৰেইনক লৈ ক্ৰমাৎ উত্তেজনা বৃদ্ধি হৈছে ৱাশ্বিংটন আৰু মস্কোৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ শেহতীয়া মন্তব্যই এইবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাইডেনে উল্লেখ কৰে যে ইউক্ৰেইনত বসবাস কৰি থকা আমেৰিকাৰ নাগৰিকসকলে অবিলম্বে দেশ এৰি গুচি অহা উচিত।

বৃহস্পতিবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমৰ যোগেদি জনাইছে যে মাৰ্কিন নাগৰিকসকলে ইউক্ৰেইন এৰি গুচি অহা উচিত। লগতে তেওঁ এই কথাও কয় যে বিশ্বৰ বৃহত্তম সেনা বাহিনীৰ সৈতে মোকাবিলা আছে আমেৰিকাৰ। যিকোনো মূহুৰ্ততে পৰিস্থিতি বেয়াৰ দিশে ঢাল খাব পাৰে সেয়েহে ইউক্ৰেইনত বাস কৰা মাৰ্কিন নাগৰিকসকলে দেশখন ত্যাগ কৰা শ্ৰেয়।


লগতে বাইডেনে এই কথাও উল্লেখ কৰে যে আমেৰিকাই কোনো কাৰণতেই সেনা নপঠিয়াই ইউক্ৰেইনলৈ । ৰাছিয়াৰ আক্ৰমণৰ পিছত তাত থকা মাৰ্কিনৰ নাগৰিকক উদ্ধাৰৰ বাবে নপঠিয়াই সেনা। যদি আমেৰিকা আৰু ৰুছ সৈন্যই গুলি চালনা আৰম্ভ কৰে তেন্তে আমি এখন বেলেগ পৃথিৱী দেখা পাম। এয়া বিশ্বযুদ্ধসম হ’ব বুলিও মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।
ইউক্ৰেইন সীমান্তত ৰাছিয়াই প্ৰায় ডেৰ লাখ সেনা পঠিওৱাৰ পাছত আৰম্ভ হৈছে আন এখন ‘শীতল যুদ্ধ’।