৩১ ডিচেম্বৰত গুৱাহাটীত সুৰা বিক্ৰীৰ ৰেকৰ্ড
![](https://mynewsne.com/wp-content/uploads/2022/01/vesper-fine-wines-300x430.jpg)
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৩১ ডিচেম্বৰত সুৰাপায়ীৰ বিৰুদ্ধে ৰাজপথত আৰক্ষী প্ৰশাসনৰ কঠোৰ অভিযান চলিল যদিও উক্ত দিনটোতে গুৱাহাটীৰ লগতে ৰাজ্যত বিক্ৰী হ’ল অভিলেখ সংখ্যক সুৰা।আনহাতে ৩১ ডিচেম্বৰত নিশা ১২ বজাত বাৰ পাব আদিত সুৰা বিক্ৰী বন্ধ কৰিলেও সুৰা বিক্ৰীৰ হাৰে গুৱাহাটীত পূৰ্বৰ অভিলেখ ভংগ কৰিলে। গুৱাহাটীত অভিলেখ সংখ্যক সুৰা বিক্ৰী হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৩১ ডিচেম্বৰৰ মাজ নিশা স্বয়ং মুখ্যমন্ত্ৰীক ৰাজপথত নমা দেখা গৈছিল যদিও উক্ত দিনটোত গুৱাহাটীত সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বমুঠ প্ৰায় ৬ কোটি টকা মূল্যৰ সুৰা বিক্ৰী হয়। আবকাৰী বিভাগৰ তথ্যৰ মতে শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ ৱাইন শ্বপ আৰু বাৰত প্ৰায় ৬ কোটি টকাৰ সুৰা বিক্ৰী হয়। কিন্তু বিগত বৰ্ষত গুৱাহাটীত ২-৩ কোটি টকাৰ সুৰাহে বিক্ৰী হৈছিল।