Local, Vocal, Global

২০৪৮ ত অলিম্পিক আয়োজনৰ দাবী জনাব দিল্লীয়ে

২০৪৮ চনত অলিম্পিক আয়োজনৰ বাবে দাবী উত্থাপন কৰিব দিল্লীয়ে৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে প্ৰকাশ কৰা মতে ইয়াৰ বাবে তেওঁৰ চৰকাৰে এই সন্দৰ্ভত চৰকাৰৰ ধ্যান ধাৰণাৰ প্ৰতিফলন ঘটাইছে বাজেটত৷ অলিম্পিক আয়োজনৰ প্ৰস্তুতিৰ বাবে দিল্লী চৰকাৰে যাৱতীয় কাম-কাজ কৰিবলৈ সাজু আছে বুলিও তেওঁ উল্লেখ কৰে৷
ইপিনে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নাৰীন্দাৰ বাৰ্টাই দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰীৱালৰ বক্তব্যক আদৰণি জনাইও কয় যে কেৱল মাত্ৰ এখন চহৰত অলিম্পিক আয়োজন কৰা সম্ভৱ নহয়৷ ইয়াৰ বাবে অন্য চহৰকো জড়িত কৰিব লাগিব৷
ইফালে অলিম্পিক আয়োজনৰ স্বত্ব লাভ কৰাৰ প্ৰক্ৰিয়া যথেষ্ট কষ্ট সাধ্য বুলিও তেওঁ উল্লেখ কৰে৷