Local, Vocal, Global

১ কোটি টকা নগদ ধন জব্দ গুৱাহাটী ৰে’লৱে ষ্টেচনত

নিউজ ডেস্ক:- গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন।
মঙ্গলবাৰে পুৱা গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছে ১ কোটি টকা নগদ ধন। পল্টন বজাৰ গেটত RPF ৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ টকাখিনি।

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন


উল্লেখ্য যে, অৰুণাচলৰ পৰা অনা‌ হৈছিল বৃহৎ পৰিমাণৰ টকাখিনি। আনহাতে, তেজছ এক্সপ্ৰেছেৰে নতুন দিল্লীলৈ নিবৰ বাবে আনিছিল টকাখিনি। ইতিমধ্যে আটক কৰা হৈছে ঘটনা সন্দৰ্ভত তিনিজন লোকক ।