Local, Vocal, Global

হ্ৰাস পাইছে দেশত ক’ভিডৰ আতংক

নিউজ ডেস্ক,৪ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতত নতুনকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা সামান্য পৰিমাণে হ্ৰাস পাইছে।যোৱা ২৪ ঘণ্টাত ১,৪৯,৩৯৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪,৩৫,৫৬৯ জন ৰোগী। আনহাতে নতুনকৈ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ তুলনাত অধিক সুস্থ হৈছে বুলি জানিব পৰা গৈছে।
                    বৰ্তমান ভাৰতত ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈছে ২৪,৬,৬৭৪ জন ৰোগী।ইপিনে দেশত ১.৬৮ কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন।যোৱা ২৪ ঘণ্টাত ৫৫,৫৮,৭৬০ ড’জ ভেকচিন প্ৰদান কৰা হৈছে