Website Design: dastechnologies.in
কৰ’নাৰ সংহাৰৰ মাজতে ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে আগতীয়া বানৰ তাণ্ডৱ। সম্প্রতি কপিলী আৰু যমুনা নৈৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ হোজাই, লংকা আৰু ডবকা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰিছে। মুঠ ৯৩ খন গাৱঁৰ ৯৪,৪৪৫ লোকক অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে বানে । প্ৰায় ৭৬৫০.৫০ হেক্টৰ ভূমিৰ শস্য বিনষ্ট হৈছে। ৫৪ টা শিবিৰত আশ্ৰয় লৈ আছে প্ৰায় ১০ হাজাৰ লোকে। তাৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে হোজাই জিলাৰ সামগ্ৰিক বাণ পৰিস্থিতি। যোগীজান অঞ্চলৰ আশ্ৰয় শিবিৰলৈ গৈ মুখ্যমন্ত্ৰীয়ে শিশুৰ মাজত বিতৰণ কৰে পুষ্টিকৰ খাদ্য । ইয়াৰ লগতে হাতিমৰা পঞ্চায়ত আৰু বৃহত্তৰ ৰজাবাৰী এলেকা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। শিবিৰত থকা সময়ত সকলোকে কৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰখাৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ আহ্বান জনায় সোণোৱালে। মুখ্যমন্ত্ৰীয়ে পিছত কয় যে ৰাজ্যৰ ৩.৩০ কোটি জনগণে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজি থকা সময়তে বানত ক্ষতিগ্ৰস্ত হৈছে ১১ খন জিলাৰ ৰাইজ ।