Local, Vocal, Global

হিমাংশু পাঠকৰ ‘নাহৰৰ ছাঁ’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু পাঠকৰ ভাষা প্ৰকাশনে প্ৰকাশ কৰা “নাহৰৰ ছাঁ” নামৰ অণুগল্প সংকলনখন উন্মোচন কৰা হয়। প্ৰতিষ্ঠিত ব্যৱসায়ী অমৃত কুমাৰ বুঢ়াগোহাঁই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা উন্মোচনী অনুষ্ঠানৰ আঁতধৰে ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰী তথা লেখক সমালোচক মুকুট শৰ্মাই।

গ্ৰন্থখন উন্মোচন কৰে সাংবাদিক দেৱজিৎ ভূঞাই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক শংকৰ গোহাঁই, মহানগৰ কবি কাননৰ সভাপতি কলজিৎ কলিতা। সভাত উপস্থিত থাকি সভাৰ সৌন্দৰ্য্য বৰ্ধন কৰে লেখক পুলেন গোস্বামী, সুৰেন্দ্ৰ মহান দাস, পুলকেশ ৰায়বৰুৱা, হৰেকৃষ্ণ হালৈ, মুহিধৰ কলিতা, অঞ্জন গোস্বামী, অসীম শৰ্মা দেবর্ষি গৌতম, লেখিকা কাব্যশ্রী বৰপাত্ৰ, তানুশ্রী পাঠক আদিয়ে। লেখক হিমাংশু পাঠকে ব্যতিক্ৰমী গ্ৰন্থখন পাঠক সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে। গ্ৰন্থখনত প্ৰায় ৬০ টাৰো অধিক অণুগল্প সন্নিবিষ্ট কৰা হৈছে।