Local, Vocal, Global

হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্মলৈ আহক, সন্তানক ভাল ঠাইত বিয়া দিম-ভাল শিক্ষা দিম

মধ্যপ্ৰদেশৰ ইন্দোৰত ধৰ্ম সলনি কৰা গেং জালত পৰিছে৷ ইন্দোৰত এই সন্দৰ্ভত এক গোচৰো ৰুজু কৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ একাংশ দৰিদ্ৰ লোকৰ সন্তানক ভাল ঠাইত বিয়া দিয়া আৰু ভাল শিক্ষা দিয়াৰ প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মত ধৰ্মান্তৰিত হ’বলৈ প্ৰলোভিত কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজন লোকক।

বাংগাংগা আৰক্ষী থানাত হিন্দু সংগঠনে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযোগ পাইছিল যে গণেশ, যশ, দৰা সিং বুলি চিনাক্ত চাৰি যুৱকে বাংগাংগা আৰক্ষী থানা অঞ্চলৰ কালিন্দী গোল্ড কলনিৰ বাসিন্দাসকলক সন্তানক ভাল বিদ্যালয়ত ভৰ্তি কৰোৱাবলৈ আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে প্ৰলোভিত কৰিছিল।

চাৰিজন যুৱকৰ পৰা খ্ৰীষ্টান ধৰ্মৰ লোকে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আৰু অন্যান্য সম্পৰ্কিত সামগ্ৰীৰ কিতাপও উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে আইপিচিৰ ২৯৫ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।