হিজাব বিতৰ্কৰ মাজতে অৰুণাচলত অনুমতি প্ৰদান পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাৰ
নিউজ ডেস্ক,১২ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতৰ হিজাব বিতৰ্কৰ মাজতে অৰুণাচল প্ৰদেশৰ শিক্ষানুষ্ঠানসমূহৰ পোছাকৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্মৰ উপৰিও সোমবাৰে পৰম্পৰাগত পোছাক পিন্ধিব পাৰিব বুলি অনুমতি দিয়ে।
এপিপিএছচি ডব্লিউৰ মতে, অৰুণাচল প্ৰদেশৰ ব্যক্তিগত বিদ্যালয়সমূহে সপ্তাহৰ এদিন অৰ্থাৎ সোমবাৰে শিক্ষাৰ্থীসকলক পৰম্পৰাগত পোছাক পিন্ধিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।
ৰাজ্যখনৰ ১৮০ খনতকৈয়ো অধিক শিক্ষানুষ্ঠানৰ প্ৰতিনিধিসকলৰ মাজত এপিপিএছচি ডব্লিউৰ সৈতে হোৱা এক বৈঠক অনুষ্ঠিত হয় আৰু ইয়াৰ জৰিয়তে বিদ্যালয়সমূহত পৰম্পৰাগত পোছাক পৰিধান কৰাৰ অনুমতি প্ৰদান কৰে।
অৰুণাচল প্ৰদেশ প্ৰাইভেট স্কুল এণ্ড চিলড্ৰেণ ৱেলফেৱাৰ এছ’চিয়েশ্যনৰ উপসভাপতি ট্ৰাহ ঝনিয়ে কয় যে, এজন গালো শিক্ষাৰ্থীয়ে গালো পোছাক পৰিধান কৰিব পাৰে, নাইছি সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে নাইছি পোছাক পৰিধান কৰিব পাৰে, চিংফো শিক্ষাৰ্থীসকলে চিংফো পোছাক আৰু অ-জনজাতীয় শিক্ষাৰ্থীসকলে তেঁওলোকৰ পৰম্পৰাৰ অন্তৰ্গত পোছাক পৰিধান কৰিব পাৰে।
সংগঠনটোৰ সভাপতি ইয়োবা বুলেটৰ মতে,শিক্ষাৰ্থীসকলে তেঁওলোকৰ পৰম্পৰাগত পোছাক পৰিধান কৰিব পাৰিব কিন্তু তেঁওলোকক বিভিন্ন গহণা বা আনুষঙ্গিক সামগ্ৰী পিন্ধিবলৈ অনুমতি দিয়া নহ’ব।