হিজাব বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,১১ ফ্ৰেব্ৰুৱাৰীঃ কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে হিজাব বিতৰ্কৰ সন্দৰ্ভত নিৰ্দেশ জাৰি কৰাৰ পিছতেই মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মা ডাঙৰীয়াই কয় যে ‘হিজাব পৰিধান কৰাক লৈ মোৰ কোনো আপত্তি নাই কিন্তু কোনোৱে যদি স্কুল কলেজত হিজাব পৰিধান কৰি যায় তেন্তে আন আন ধৰ্মৰ লোক সকলেও ধৰ্মীয় পোছাক পৰিধান কৰিব বিচাৰিব’। স্কুল কলেজ কেৱল অধ্যয়নৰ বাবেহে ফেশ্বন শ্ব’ ৰ বাবে নহয়। সকলোৱে মনত ৰখা উচিত মুছলমান ছোৱালী সকলৰো শিক্ষা গ্ৰহন কৰাৰ অধিকাৰ আছে। হিজাব পৰিধান কৰক কিন্তু স্কুল কলেজত কেৱল ইউনিফৰ্ম পৰিধান কৰিব লাগে তেতিয়াহে সকলোৰে মাজত সমানতা থাকে। কিন্তু কংগ্ৰেছে এতিয়া তেওঁলোকক হিজাব বিতৰ্কক সোমাই দিছে।’