Local, Vocal, Global

হাতীৰ বাবে বাৰীৰ কলগছ

নুমলীগড়ৰ খেতি পথাৰত উপদ্ৰৱ কৰা বন্যহস্তীৰ জাকক স্থানীয় কৃষকে দিলে খাদ্য। খেতি পথাৰৰ পৰা হাতীৰ জাকটোক আতৰাই ৰখাৰ অভিনৱ পন্থা কৃষকৰ ।শ শ বিঘা ধাননি পথাৰ গচকী ফেনেকি নষ্ট কৰা বন্যহস্তী ৰ জাকটোৱে উদৰ পুৰাই খালে কল গছ। । নুমলীগড়ৰ মৰঙি মৌজাৰ চোমনি অঞ্চলৰ এই ঘটনা। যোৱা কেইবাদিনো ধৰি কাষৰে বিজুলী বনাঞ্চল ৰ পৰা পোৱালি সহ অহা এটা বৃহৎ বন্যহস্তীৰ জাকে নুমলীগড়ৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত উপদ্ৰৱ চলোৱাৰ লগতে খাই গচকি তহিলং কৰিছে শ শ বিঘা মাটিৰ ধান খেতি। বন বিভাগক খবাৰ দিলেও কোনো সুফল নেপায় কৃষক সকলে। উপায়ন্তৰ হৈ নিজে বাৰীৰ কল গছ কাটি আনি এইদৰে যোগান ধৰিছে বন্যহস্তীৰ জাকটোক। ইফালে এই জাকটোত এজনী গাভিনী হাতী থকাৰ বাবে হাতীৰ জাকটো এই অঞ্চলত অৱস্থান কৰি থকা বুলি স্থানীয় ৰাইজে অনুমান কৰিছে। ইফালে আজি কেইবাদিনো ধৰি নুমলীগড়ৰ বকিয়াল,ৰংবং, চফেলা,বগীঢলা আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ । দীর্ঘদিনে অব্যাহত আছে হাতী মানুহৰ সংঘাত। বহু পৰিয়ালৰ বাসগৃহৰ লগতে বাৰীৰ কলগছ, নাৰিকল গছৰ ক্ষতি সাধন কৰাৰ লগতে খাই গচকী তহিলং কৰিছে ৰবি শস্যৰ খেতি। আৰু সমস্যাৰ সমাধান বিচাৰি কৃষকে অৱলম্বন কৰিছে এই পন্থা।