Local, Vocal, Global

স্বৰ্ণ পদকৰ বাবে নিৰ্বাচিত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা।

 নিউজ ডেস্কঃ গোৱালপাৰা জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ বিষয়াগৰাকীয়ে “গ’লমাৰ্ট” প্ৰকল্পৰ উদ্ভাৱন কৰে। উপায়ুক্ত গৰাকীয়ে আৰম্ভ কৰা গ’লমাৰ্ট প্ৰকল্প হৈছে এক সম্পূর্ণ ইলেক্ট্ৰনিক বজাৰ যাৰ লক্ষ্য হৈছে স্থানীয় আত্ম সহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্রীৰ বিপননৰ বাবে এটা অনলাইন প্লেটফৰ্ম প্ৰদান কৰা।

আৰু এই “গ’লমাৰ্ট” প্ৰকল্পৰ বাবে তেঁওক ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ দ্বাৰা প্ৰথম শ্ৰেণী শাখাৰ ” Excellence in Government Process Re-engineering for Digital Transformation ” ৰ স্বৰ্ণ পদকৰ বাবে চৰকাৰ আৰু তেলেংগানা ৰাজ্য চৰকাৰৰ সহযোগত ইলেক্ট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে অহা ৭ আৰু ৮ জানুৱাৰীত তেলেংগানাৰ হায়দৰাবাদত ই-গভৰ্ণেন্সৰ ওপৰত ২৪ তম ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিব। এই অনুষ্ঠানতে উপায়ুক্ত বৰ্ণালী ডেকাক এই বঁটা প্ৰদান কৰা হ’ব।

আনহাতে, ইউ এন ডিপিয়ে ডেকাই উদ্ভাৱন কৰা “গ’লমাৰ্ট” প্ৰকল্প উন্নয়নশীল দেশসমূহত প্ৰতিৰূপৰ যোগ্য হিচাপে বিবেচিত কৰি তেঁওৰ উদ্যোগক প্ৰশংসা কৰিছে। উল্লেখ্য যে বৰ্ণালী ডেকা বৰ্তমান কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰূপে দায়িত্ব নিৰ্বাহ কৰি থকাৰ উপৰিও তেওঁ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সচিবৰ অতিৰিক্ত দায়িত্বত আছে।