সোণাৰিত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন

মৃত্যুঞ্জয় দাস, সোণাৰিঃ সোণাৰি ৰামকৃষ্ণ সেৱা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সেৱা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি মোহিত কান্তি সেনে। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্যমুলক প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১০ বজাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈতলী ৰাণী দত্তই। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সোণাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ সুনীল দত্ত আৰু সোণাৰি পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ মণি গগৈয়ে।
সভাত সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী উৎপল গগৈ, অনুপ সিং ৰাজপুৰোহিতে, স্বপন কৰ, বিশ্বৰঞ্জন পাল আৰু নিপু ভৌমিকে অংশগ্ৰহণ কৰে। সভাৰ শেষত সোণাৰি পৌৰ এলেকাৰ প্ৰায় ৭০ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাসকৰা নিৰ্বাচিত ব্যক্তি সকলৰ মাজত কম্বল বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।