Website Design: dastechnologies.in
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুক্ৰবাৰে সোণাৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম অভয়পুৰ ব্লক কংগ্ৰেছ কমিটীয়ে সোণাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অন্তত খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰীৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ আজি এই কাৰ্যসুচীত উপস্থিত থাকে চৰাইদেউ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি পৱিত্ৰ শইকীয়া, সাধাৰণ সম্পাদক অনুজ বৰকটকী, উৎপল গগৈ, নৃপেণ কোঁৱৰ আৰু দাদুল বৰৱা, জেষ্ঠ কংগ্ৰেছ নেতা সুশীল চুড়ী, প্ৰেম কান্ত তন্তবাই আদি ৷ পশ্চিম অভয়পুৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি খগেন চেতিয়া,সম্পাদক লোহিত মহন সংখ্যালঘু কোষৰ সভাপতি ছাহজাহান আলি, প্ৰদেশ কংগ্ৰেছৰ সদস্য দীপক কৰ্মকাৰ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈকে প্ৰমুখ্য কৰি যুৱ কংগ্ৰেছ ,মহিলা কংগ্ৰেছ , এনএছইউআইৰ সদস্যসকলে এই ধৰ্মঘট কার্যসূচীত অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ।