সুশান্ত সিং ৰাজপুতৰ আত্ম হত্যাৰ প্ৰতিক্ৰিয়া, কোন ক্ৰিকেটাৰে ক’লে আত্ম হত্যাৰ পৰিকল্পনা কৰাৰ কথা

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ দুটা দিন উকলি যোৱাৰ পিছতো শোক পাতলাব পৰা নাই তেওঁৰ শত সহস্ৰ অনুৰাগীয়ে। আজিও শোকৰ কলীয়া ডাৱৰ মায়ানগৰী মুম্বাইৰ আকাশ। প্ৰায় ছমাহ ধৰি হতাশাজনিত ৰোগত ভুগি থকাৰ পৰিণতিতে উঠি অহা বয়সতে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা বুলি নিশ্চিত হৈছে সকলো। তাৰ মাজতে কংগনা ৰানাৱাটৰ দৰে অভিনেত্ৰীয়ে বিতৰ্কৰো সূচনা কৰিছে কোনো গডফাদাৰ অবিহনে বলিউদত ভৰি থোৱা সুশান্ত সিং ৰাজপুতে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হোৱা বাবেই চৰম হতাশাৰ বলি হ’ব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ কাহিনীৰে। অব্যাহত ৰৈছে বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া। তাৰ মাজতে ক্ৰিকেটাৰ এম এছ ধোনিৰ চৰিত্ৰত অভিনয় কৰি দেশজুৰি সৰ্বাধিক জনপ্ৰিয় হোৱা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ ধোনিৰেই প্ৰাক্তন সতীৰ্থ এজন ভাৰতীয় ক্ৰিকেটাৰে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় ক্ৰিকেট তাৰকা জনে কৈছে তেওঁ নিজেয়ো কি দৰে এসময়ত চৰম হতাশাত ভুগি আত্মহনন কৰাৰ কথা চিন্তা কৰিছিল। ক্ৰিকেটাৰ জনে কৈছে “যদিহে আপোনাৰ লগত হ’ব লগীয়া খিনি হোৱা নাই বা আপুনি পাব লগীয়া খিনি পোৱা নাই তেনেহলে সেয়া নিশ্চয়কৈ বেয়া কথা, কিন্তু বৰ ডাঙৰ বা গভীৰ বিষয়ো নহয় যে আপুনি নিজকে নিঃশেষ কৰি দিয়াৰ দৰে পথ ল’ব। বিপৰীতে নিজৰ মনৰ ভিতৰত যি হৈ আছে সেই বিষয়ে আলোচনা কৰিব লাগে।” এনেদৰে মন্তব্য কৰি ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাই কৈছে যে তেওঁ নিজেয়ো ক্ৰিকেট কেৰিয়াৰৰ দুটা বছৰ চৰম হতাশাৰ মাজেৰে অতিবাহিত কৰিব লগীয়া হৈছিল। আৰু সেই সময়ছোৱাত তেওঁ কেইবাবাৰো চিন্তা কৰিছিল আত্মহত্যা কৰাৰ কথা। কিন্তু একমাত্ৰ ক্ৰিকেটৰ প্রতি থকা প্ৰেমেই তেওঁক বেলকণীৰ পৰা তললৈ জপিওৱাৰ পৰা বাধা দি ৰাখিছিল। এক টুইটৰ জৰিয়তে সুশান্ত সিং ৰাজপুতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছে ক্ৰিকেটাৰ ৰবীন উথাপ্পাই।