Local, Vocal, Global

সুশান্তৰ অনুৰাগীৰ ৰোষত এজনৰ পিছত আনজন বলীউড তাৰকা

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ এতিয়াও তোলপাৰ অব্যাহত বলীউডত৷ ৰাজপুতৰ মৃত্যুৱে যেন দ্বিবিভক্ত কৰিছে বলীউডক৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰা এটা শব্দ আছিল নেপ’টিজিম৷ অভিনেতাজনৰ আত্মহননৰ পিছতে ছ’চিয়েল মিডিয়াত টাৰ্গেট হৈ পৰিছিল বলীউডৰ কেইবাজনো নামি-দামী তাৰকা৷ তালিকাত প্ৰথমেই নাম আছিল জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰন জোহৰ, অভিনেতা ছলমান খান, আদিত্য চোপ্ৰাকে ধৰি ভিন্নজনৰ নাম৷ সাৰি যোৱা নাছিল আলিয়া ভাট, সোনম কাপুৰ, সোণাক্ষী সিনহাৰ দৰে নামি-দামী অভিনেত্ৰী৷ কৰন জোহৰৰ জনপ্ৰিয় অনুষ্ঠান ‘koffee with karan’ত সোনম কাপুৰে সুশান্ত সম্পৰ্কে দিয়া এটা মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এই মন্তব্যৰ বাবে সুশান্তৰ অনুৰাগীৰ ৰোষত পৰিছে অভিনেত্ৰী সোনম কাপুৰ৷ ভিন্ন ককৰ্থনাৰে ভৰি পৰিছে অভিনেত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া একাউণ্ট৷ যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বন্ধ কৰি দিবলৈ বাধ্য হৈছে ছ’চিয়েল মিডিয়া একাউণ্টৰ যোগাযোগবোৰ৷ অকল সোনম কাপুৰেই নহয়, সাধাৰণ জনতাৰ ৰোষত পৰি ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা বিদায় মাগে জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহাইও৷ আনফালে এই ঘটনাৰ পিছতে লাখ লাখ হাৰত হ্ৰাস পাবলৈ ধৰিছে ছলমান খান, কৰন জোহৰ, আলিয়া ভাট আদিৰ দৰে তাৰকাক unfollow কৰিছে অনুৰাগীয়ে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউডৰ বহু ভিতৰুৱা কথা ৰাজহুৱা কৰি ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছিল জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱাটে৷ বলীউডত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ হোৱাৰ ফলতেই ছ’চিয়েল মিডিয়াত বৃদ্ধি পাব ধৰিছে অভিনেত্ৰীগৰাকীৰ অনুগামীৰ সংখ্যা৷ ইপিনে সুশান্তৰ মৃত্যুৰ পিছতে কৰণ জোহৰ, ছলমান খান, আদিত্য চোপ্ৰাৰ লগতে বহু বলীউড তাৰকাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ সাৰি যোৱা নাই সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীও৷ এনেবোৰ কাণ্ডত ক্ষোভিত হৈ সোনম কাপুৰে টুইট কৰে যে- ‘কাৰোবাৰ মৃত্যুৰ কাৰণে কিয় বাকীসকলক মনোকষ্ট দিয়া হৈছে৷’ অৱশ্যে লগে লগে সোনম কাপুৰক উভতি ধৰিছে কংগনা ৰাণাৱাটে৷ কংগনা ৰাণাৱাটে টুইটত উল্লেখ কৰিছে ‘সুশান্তৰ মৃত্যুত তোমাৰ কি প্ৰতিক্ৰিয়া, সেয়া তোমাৰ কথা-বতৰাতে বুজা যায়৷ অনিল কাপুৰৰ কন্যা নোহোৱাহেঁতেন তোমাৰ অস্তিত্ব ক’ত?’ যাৰ লগে লগে বৰ্তমানেও ট্ৰ’লৰ স্বীকাৰ হৈ আছে অভিনেত্ৰী সোনম কাপুৰ৷ ছ’চিয়েল মিডিয়াত চলি থকা বিতৰ্কৰ মাজতে বলীউডৰ ভাইজান হিচাপে পৰিচিত ছলমান খানো সাৰি যোৱা নাই৷ ছলমান খানৰ ভিন্ন ‘মিম’ আদিৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া৷ কিন্তু বিশাল হৃদয়ৰ গৰাকী বুলি পৰিচিত ছলমান খানৰ এটা টুইটে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ ছলমান খানে টুইটাৰত কৰা পোষ্টৰ জৰিয়তে নিজৰ অনুৰাগীসকলক কয়- ‘মই মোৰ সকলো অনুৰাগীক সুশান্তৰ অনুৰাগীৰ সৈতে থিয় হ’বলৈ আহ্বান জনাইছো আৰু বেয়া ভাষাৰ ব্যৱহাৰলৈ নাযাব৷ তেওঁলোকৰ আৱেগক বুজাৰ চেষ্টা কৰক৷ এই সংকটৰ সময়ত সুশান্তৰ পৰিয়ালৰ শোকৰ সমভাগী হওক৷ নিজৰ মানুহ আঁতৰি গ’লে সেয়া অত্যন্ত বেদনাদায়ক হয়৷’

এই বিতৰ্ক কিমানদিনলৈ চলিব সেয়া সময়েহে ক’ব৷ কিন্তু আমি আশা কৰিম আন এগৰাকী সুশান্তৰ মৃত্যু নহওক, আন এগৰাকী উঠি অহা প্ৰতিভাৰ পুনৰ মৃত্যু নঘটক৷