‘সসুৰাল চিমাৰ কা’ৰ অভিনেত্ৰী বৈশালী ঠাক্কৰৰ আত্মহত্যা
নিউজ ডেস্ক: ‘সসুৰাল চিমাৰ কা’ৰ সুশান্ত সিং ৰাজপুতৰ বান্ধৱী ২৬ বছৰীয়া টিভি অভিনেত্ৰী বৈশালী ঠাক্কাৰৰ আত্মহত্যা৷ ‘ইয়ে ৰিস্তা ক্যা কেহলাতা হে’ত তেওঁৰ চৰিত্ৰৰ বাবে জনাজাত আছিল অভিনেত্ৰী বৈশালী ঠাক্কাৰ৷ মধ্য প্ৰদেশৰ ইন্দোৰৰ ঘৰত মৃতদেহ উদ্ধাৰ হৈছে৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে। ঘৰৰ পৰা এটা চুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। বৈশালী ঠাক্কৰে পিতৃ আৰু ভাতৃৰ সৈতে ইন্দোৰত বাস কৰিছিল। বৈশালী ঠাক্কৰে ২০১৫ চনত ‘ইয়ে ৰিস্তা ক্যা কেহলাতা হে’ অনুষ্ঠানৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। অলপতে ‘ৰক্ষা বন্ধন’ত দেখা গৈছিল৷ য’ত তেওঁ বিগ বছৰ খ্যাত নিশান্ত মালকানিৰ বিপৰীতে অভিনয় কৰিছিল। বৈশালী তক্কৰ মূলতঃ উজ্জয়িনীৰ মহিদপুৰৰ বাসিন্দা আছিল। টিভি ধাৰাবাহিকত অভিনয় কৰাৰ লগতে ৰিয়েলিটি শ্ব’ বিগ বছতো অংশগ্ৰহণকাৰী আছিল। যোৱা এবছৰ ধৰি ইন্দোৰৰ তেজাজী নগৰ আৰক্ষী থানা অঞ্চলৰ চাই বাগ কলনীত বাস কৰিছিল।