সংঘাত উপশম কৰাৰ বাবে সাজু ভাৰত -চীন
৬২ৰ সংঘাতময় কালছোৱাতেই নেহৰুৱে কৈছিল হিন্দী -চীনি ভাই ভাই। কিন্তু সেয়া বাস্তৱত কেতিয়াও হৈ নুঠিল। ভাৰত চীন মানেই কেৱল সীমা সংঘাত। যোৱা প্ৰায় এমাহে লাড্ডাখ সীমান্তৰ পৰা আহিয়েই আছে সংঘাতৰ খবৰ। কিন্তু অচিৰেই পুৰণি সংঘাত আঁতৰাই সঁচাকৈয়ে ‘ভাই ভাই’ হ’ব নেকি চীন -ভাৰত? কালি ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমত হোৱা দেশ দুখনৰ বিদেশ মন্ত্ৰালয়ৰ মাজৰ বৈঠক আছিল বেছ সৌহাৰ্দ্যপূৰ্ণ। এই আলোচনা কালত দুয়োখন দেশেই গুৰুত্ব দিছে তিক্ততা আঁতৰ কৰাত। বৈঠকত ভাৰতৰ হৈ অংশ লয় পূব এছিয়াৰ বিশেষ দায়িত্বত থকা যুটীয়া সচিব নবীন শ্ৰীবাস্তবে। চীনক প্ৰতিনিধিত্ব কৰে দেশ খনৰ বিদেশ মন্ত্ৰালয়ৰ মহানির্দেশক ৱু জিয়াংহাও-এ। বৈঠকত দুয়োখন দেশে নিয়ন্ত্ৰণ ৰেখাৰ মৰ্যাদা অটুট ৰখাৰ বাবে সহমতত উপনীত হয়। বৈঠকত অধিক মৰম আছিল চীনৰ স্থিতি। চীনা প্ৰতিনিধি গৰাকীয়ে কয় ভাৰত চীন সম্পৰ্কৰ বিশাল জাহাজখন আগবঢ়াই নিয়াৰ কথা।
ইফালে লাড্ডাখৰ নিয়ন্ত্ৰণ ৰেখাক লৈ চলি থকা সংঘাত সম্পৰ্কত আজি অনুষ্ঠিত হৈ যোৱা দুয়োখন দেশৰ লেঃ জেনেৰেল পৰ্যায়ৰ বৈঠকো আছিল সৌহাৰ্দ্যপূর্ণ। প্ৰায় চাৰে পাঁচ ঘণ্টা ধৰি চলে এই বৈঠক। নিয়ন্ত্ৰণ ৰেখাত অব্যাহত অস্থিৰতা দূৰ কৰাৰ লক্ষ্যৰেই এই বৈঠকৰ আয়োজন কৰা হৈছিল।