Local, Vocal, Global

শ্বাহৰুখ তনয়ৰ প্ৰেমিকা কানাডাৰ নে পাকিস্তানৰ, ২৪ বছৰীয়া আৰিয়ানৰ প্ৰেমিকা ৩০ বছৰীয়া!

বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান পুনৰ সংবাদ শীৰ্ষত। বাদশ্বাহ খানৰ পুত্ৰ আৰিয়ান এইবাৰ প্ৰেমৰ বাবে চৰ্চাত৷ এইবাৰ নিজতকৈ বেছি বয়সৰ মডেল-অভিনেত্ৰীৰ প্ৰেমত পৰাৰ গুজৱে আৰিয়ানক পুনৰ শিৰোনামলৈ আনিছে৷ অভিনেত্ৰী হৈছে দুগৰাকী৷ এগৰাকী হৈছে কানাডিয়ান আৰু আনগৰাকী হৈছে পাকিস্তানী৷ এগৰাকী হৈছে ছাদিয়া খান, আনগৰাকী হৈছে নোৰা ফাতেহী৷ ইনষ্টাগ্ৰামত শ্বেয়াৰ হৈ আছে আৰিয়ানৰ এখন বিশেষ ফটো। হঠাতে ছাদিয়াই কিয় আৰিয়ানৰ ফটো শ্বেয়াৰ কৰিলে ইয়াকে লৈ নেটিজেনৰ মনত বহু জল্পনা-কল্পনা। ডুবাইৰ এটা পাৰ্টীত আৰিয়ানক দেখা পোৱা গৈছিল ছাদিয়াৰ সৈতে। পাক অভিনেত্ৰীগৰাকীক দেখা গৈছিল শ্বাহৰুখৰ পুত্ৰৰ সৈতে। ছাদিয়াৰ হাতত ধৰি আৰিয়ানে নৃত্য কৰিছিল সেই পাৰ্টীত। চলচ্চিত্ৰ সমালোচক কমল ৰচিদ খানে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি ভাইৰেল কৰিছে৷

ইপিনে শ্বাহৰুখ তনয় আৰিয়ানে কানাডিয়ান অভিনেত্ৰী নোৰা ফাতেহীৰ প্ৰেমত পৰা বুলিও ব্যাপক চৰ্চা হৈছে৷ কানাডিয়ান অভিনেত্ৰী, মডেল, নৃত্যশিল্পী নোৰা ফাতেহীৰ সৈতে ডেটিং কৰা বুলিও চৰ্চা হৈছে৷ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে নোৰাই। হিন্দীৰ লগতে তেলেগু, তামিল আৰু মালায়ালম চলচ্চিত্ৰত অভিনয় কৰিছে।