শোনিতপুৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে অসমৰ শোণিতপুৰ জিলাৰ এখন ধানপথাৰৰ পৰা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। খবৰ অনুসৰি, মৃতদেহটো শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঢোলাই বিল ৰে’ল ষ্টেচনৰ কাষৰীয়া অঞ্চলত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।
জানিব পৰা মতে, মহিলাগৰাকীক প্ৰথমে ধৰ্ষণ কৰি পিছত হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইফালে মৃতদেহটোৰ কাষত এটা মদৰ বটলো পোৱা গৈছিল।
স্থানীয় লোকসকলৰ মতে, মহিলাগৰাকী অঞ্চলটোৰ বাসিন্দা নাছিল। ইপিনে জামুগুৰিহাট আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে মৃতকৰ পৰিচয় পোৱা নাই।