Local, Vocal, Global

শিক্ষক-শিক্ষাৰ্থীলৈ শিক্ষামন্ত্ৰীৰ উপহাৰ

জনতা ভৱনত শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত কেবিনেটৰ একাধিক গুৰুত্বপূৰ্ন সিদ্ধান্ত ঘোষণা শিক্ষামন্ত্ৰীৰ
উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তী
এ পি এল, বি পি এল  দুয়ো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বিনামূলীয়া নামভৰ্তী
সৰস্বতী পূজাৰ পৰা আলোচনীলৈ কোনো মাচুল ল’ব নোৱাৰিব
প্ৰচপেক্টাছৰ মূল্যও ল’ব নোৱাৰিব
মেডিকেল-ইঞ্জিনীয়াৰিং,বিশ্ব বিদ্যালয়তো হ’ব বিনামূলীয়া নামভৰ্তী
হোষ্টেল আৱাসীৰ মেছ ডিউজৰ বাবদ চৰকাৰে দিব ১,০০০ টকাকৈ
কিতাপৰ বাবদো দিব ১,০০০ কৈ টকা
‘জ্ঞানবৃক্ষ’ চেনেলটো উপলব্ধ হ’ব জিঅ’ টি ভিত
‘বিদ্যাদান’ এপৰ জৰিয়তে হ’ব পাঠদান
শিক্ষকৰ লগতে সমল ব্যক্তিয়েও কৰিব পাঠদান
সপ্তাহৰ দুটা দিন শ্ৰেনী কোঠাত পাঠদানৰ প্ৰস্তাৱ
সামাজিক দুৰত্ব মানি চলি পাঠদানৰ পোষকতা
অহা সপ্তাহৰ পৰা দিয়া হ’ব আনন্দৰাম বৰুৱা বঁটা
কম্পিউটাৰৰ সলনি মেধাৱী ছাত্ৰ-ছাত্ৰীক এইবেলি দিয়া হ’ব ২০ হাজাৰকৈ টকা
৩০ আগষ্টৰ ভিতৰত শিক্ষাৰ্থীৰ বেংক একাউন্টত সোমাব টকা
কৰ’না মহামাৰীৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ১০৯ খন চৰকাৰি বিদ্যালয়ৰ ফলাফল ১০০%
এগৰাকীও ছাত্ৰ-ছাত্ৰী উত্তীৰ্ন নোহোৱা বিদ্যালয়ৰ সংখ্যা যোৱা বছৰতকৈ ৪ খন কমিল
এইবেলি শুণ্য ফলাফল দেখুওৱা ১৭ খন বিদ্যালয় বন্ধ কৰা হ’ব
এইসমূহ বিদ্যালয়ৰ শিক্ষক-শিক্য়ত্ৰীক ৭২ ঘন্টাৰ ভিতৰত বদলি কৰা হ’ব
ছাত্ৰ-ছাত্ৰীসকলক কাষৰীয়া বিদ্যালয়ত আধ্যয়নৰ ব্যৱস্থা কৰা হ’ব
ৰাজ্যৰ বিদ্যালয়ত দশম শ্ৰেনীলৈ অসমীয়া ভাষা বাধ্যতামূলক হ’ব
বৰাকত বাংলা আৰু বি  টি এ ডি ত বড়ো ভাষাত হ’ব পাঠদান
ৰাজ্যৰ ১১,২০৬ ষ্টেট পুল শিক্ষকলৈ পে’ স্কে’ল
চৰকাৰী কৰ্মচাৰীৰ দৰেই পাব দৰমহা, ডি এ ।
প্ৰত্যেক বছৰে পাব বৰ্ধিত দৰমহা।
চুটি,চিকিৎসা আদি অন্যান্য সা-সুবিধাও লাভ কৰিব চৰকাৰী কৰ্মচাৰীৰ দৰেই
ষ্টেট পুল শিক্ষকৰ অৱসৰৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি
সৰ্বশিক্ষাৰ অধিনস্থ শিক্ষক,হাইস্কুলত কৰ্মৰত ঠিকাভিত্তিক  টেট শিক্ষকে ৰেগুলাৰ  শব্দটোৰ বাদে লাভ কৰিব সকলো সুবিধা
চৰকাৰী কৰ্মচাৰীৰ দৰেই কোষাগাৰৰ পৰা লাভ কৰিব দৰমহা
অৰিহণামূলক ভৱিষ্যনিধীটো অংশগ্ৰহন কৰিব পাৰিব
বেংকৰ পৰা ঋণো ল’ব পাৰিব এইসকল শিক্ষক-শিক্ষয়ত্ৰীয়ে
১২ বছৰ কাম কৰা শিক্ষক-শিক্ষয়ত্ৰীয়ে বদলিৰ আৱেদন কৰিব পাৰিব
আন্ত:জিলা পৰ্যায়তহে প্ৰযোজ্য হ’ব বদলিকৰন
জানুৱাৰীৰ পৰা অনলাইন যোগে বদলিৰ আৱেদন কৰিব পাৰিব
শিক্ষক-শিক্ষয়ত্ৰীৰ অৱসৰৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি ঘোষণা শিক্ষামন্ত্ৰীৰ ।