Local, Vocal, Global

শতাধিক গৰুৰে চলাইছে বঙাইগাঁওত কলা বজাৰ

নিউজ ডেস্ক, ২৯ এপ্ৰিল:-মূখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি একাংশ গো-বেপাৰীৰ ৰাজ্যত অব্যাহত আছে অবৈধ গৰুৰ কলা বজাৰ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ ভাণ্ডাৰা, বাশবাৰী হৈ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্তনপাৰা আৰু মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সমূহেৰে প্ৰায় নিশা পাৰ হয় শ শ অবৈধ গৰু।

কিছু দিন পূৰ্বে মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গো সুৰক্ষা ওপৰত তৎতপৰ হৈ কিছু নীতি নিয়ম বান্ধি দিছিল কিন্তু মূখ্যমন্ত্ৰীৰ নীতি, নিৰ্দেশনা যেন এটা ফাইলত বন্ধ হৈ থকা পৰিলক্ষিত হৈছে।

উক্ত অঞ্চলবোৰৰ মাজেৰে অবাধে চলিছে অবৈধ গৰুৰ ৰমৰমীয়া বেহা। ইফালে নিশা বৰঘোলা আৰু মেৰেৰচৰ আৰক্ষীৰ অভিযানত বহু কেইটা গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

কিন্তু এই অঞ্চলৰ বোৰৰ মাজেৰে প্ৰায় নিশাই পাৰ হয় গৰু। আৰক্ষীয়ে জব্দ কৰা গৰু কেইটাৰ লগত থকা শ্ৰমিক সকলে আনোৱাৰৰ গৰু বুলি উল্লেখ কৰে ।

আৰক্ষীৰ তদন্ত অব্যাহত আছে, কোন এই আনোৱাৰ
আৰক্ষীৰ উচিত তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত তথ্য ।