Local, Vocal, Global

লোকসভা নির্বাচনত বিজেপিৰ হাতত ‘ৰামবান’

নিউজ ডেস্ক:- লোকসভা নির্বাচনৰ আগত ‘ৰামবান’ বিজেপিৰ হাতত। ২০২৪ চনৰ ১ জানুৱাৰীত মুকলি হ’ব ৰাম মন্দিৰ। এই ঘোষণা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহক।বিজেপিৰ চকু ২০২৪ৰ লোকসভা নিৰ্বাচন। আৰু তাৰ আগতে বিজেপিয়ে শক্তিশালী ৰাজনৈতিক অস্ত্ৰ ল’বলৈ সাজু হৈছে। অহা বছৰৰ ১ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। ৫ জানুৱাৰীত ত্ৰিপুৰাত এখন ৰাজহুৱা সভাত এই কথা ঘোষণা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। অৱশ্যে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ইয়াৰ পূৰ্বেও এনে সম্ভাৱনাৰ বিষয়ে অৱগত কৰিছিল।

এইবাৰ গৃহমন্ত্ৰীৰ ঘোষণাৰ লগে লগেই এইটো স্পষ্ট হ’ল যে সৰ্বোত্তম অস্ত্ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হাতলৈ আহিব।আজিৰ দিনটোত ৰাম মন্দিৰৰ কথা কওঁতে অমিত শ্বাহে তীব্র সমালোচনা কৰে কংগ্ৰেছক। একে সময়তে গৃহমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোতে বিজেপিৰ ছেকেণ্ড ইন কমাণ্ডে কয়, ‘কংগ্ৰেছে ৰাম মন্দিৰ নিৰ্মাণত বাধা দিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। আৰু আজি ই সম্পূৰ্ণ হোৱাৰ পথত।

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ তথ্য অনুসৰি ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব। ২০২৪ চনৰ জানুৱাৰী মাহত মকৰ সংক্ৰান্তিৰ সময়ত মন্দিৰত স্থাপন কৰা হ’ব ৰাম লল্লাৰ মূৰ্তি। ৰামলালাৰ মূৰ্তিটো এতিয়া অস্থায়ী মন্দিৰত ৰখা হৈছে। সেই ঠাইত মূৰ্তি পূজা কৰা হয়। জানিব পৰা মতে, মূল মন্দিৰত প্ৰতিমা স্থাপন কৰাৰ পিছতহে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব এই মন্দৰ।

উচ্চতম ন্যায়ালয়েহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিছিল। ২০১৯ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল যে অযোধ্যাৰ বাবৰি মছজিদৰ আন্তঃগাথনি ভাঙি তাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব। শুনানিৰ সময়ত তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৈছিল যে, অযোধ্যাৰ বিবাদিত স্থানৰ পৰিৱৰ্তে অযোধ্যাত মুছলমান পক্ষক নতুন মছজিদ নিৰ্মাণৰ বাবে আন এটা স্থান দিয়া হ’ব। জানিব পৰা মতে উত্তৰ প্ৰদেশ চৰকাৰে এই ৰায়ৰ পিছতে মুছলমানক বিকল্প স্থান দিছে।