Local, Vocal, Global

‘লাভ জেহাদ’ৰ বাবে আত্মহত্যা অভিনেত্ৰী তিউনিশাৰ! ছিজান মহম্মদক আৰক্ষীৰ জিম্মালৈ

অভিনেত্ৰী তিউনিশা শৰ্মাৰ আত্মহত্যাৰ গোচৰক লৈ বিজেপি সৰৱ হৈছে৷ মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে লাভ জিহাদৰ সৈতে ঘটনাক সংযোগ কৰে। টিভি শ্ব’ৰ ছেটত তিউনিশা শৰ্মাই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছিল। তিউনিশাৰ মাতৃৰ অভিযোগৰ ভিত্তিত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰ ৰুজু হোৱাৰ পিছত ‘আলী বাবা, দাস্তান-ই-কাবুল’ৰ সহ-অভিনেতা ছিজান মহম্মদ খানক গ্ৰেপ্তাৰ কৰা হৈছে। এজাহাৰ অনুসৰি দুয়োৰে সম্পৰ্ক আছিল আৰু ১৫ দিন আগতে বিচ্ছেদ হৈছিল৷ যাৰ ফলত অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল।

ইয়াৰ পাছতে অপৰাধীসকলক ৰেহাই দিয়া নহ’ব আৰু তিউনিশা শৰ্মাৰ পৰিয়ালে ন্যায় পাব বুলি কয় বিজেপি বিধায়ক কদমে। আত্মহত্যাৰ কাৰণ কি আছিল? ইয়াত লাভ জিহাদ আছে নেকি? নে আন কোনো সমস্যা আছে। তদন্তটোৱে সত্যটো উলিয়াই আহিব৷ কিন্তু তিউনিশা শৰ্মাৰ পৰিয়ালে ১০০ শতাংশ ন্যায় পাব আৰু যদি এইটো লাভ জিহাদৰ ঘটনা হয় তেন্তে আৰক্ষীয়ে ইয়াৰ আঁৰত কোনবোৰ সংগঠন আছে আৰু কোন ষড়যন্ত্ৰকাৰী সেয়াও তদন্ত কৰিব বুলিও কয় বিধায়ক কদমে৷

আজি আবেলি মুম্বাইৰ ভাচাই আদালতে ছিজান মহম্মদ খানক চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আদালতত খানৰ অধিবক্তা শৰদ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে যি ঘটিছে, আৰক্ষী আৰু আদালতে কাম কৰি আছে। ছিজানক আদালতত হাজিৰ কৰোৱা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন।

আন এজন সহ-অভিনেতা পাৰ্থ জুৎচীকো ঘটনাক লৈ সোধা-পোছাৰ বাবে দেওবাৰে আৰক্ষীয়ে মাতি পঠিয়াইছিল। আৰক্ষী থানাৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি জুৎছিয়ে দাবী কৰে যে ঘটনাৰ সময়ত তেওঁ ছেটত উপস্থিত নাছিল। মোক আৰক্ষীয়ে সোধা-পোছাৰ বাবে মাতিছিল আৰু সাধাৰণ প্ৰশ্ন সুধিছিল। মই তিউনিশা শৰ্মাৰ সম্পৰ্কৰ ওপৰত মন্তব্য কৰিব নোৱাৰো। মোৰ কোনো ধাৰণা নাই, এয়া তেওঁৰ আভ্যন্তৰীণ বিষয় আছিল।

ৱালিভ আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ১৪ জন লোকৰ জবানবন্দী লিপিবদ্ধ কৰিছে। সকলো ‘আলিবাবা দাস্তান-ই-কবুল’ ধাৰাবাহিকৰ সৈতে জড়িত।