লাডাখত প্ৰকৃততে কাৰ কিমান ক্ষতি হৈছে, তথ্য লুকুৱাইছে চীনে

লাড্ডাখৰ গালৱান ভেলিত হোৱা ভাৰতীয় আৰু চীনা সেনাৰ মাৰপিট- খণ্ডযুদ্ধত দুয়ো পক্ষই কিমান কি হেৰুৱালে, সেই সকলো তথ্য লাহে লাহে পোহৰলৈ আহিছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ তেনেই ওচৰতে সোমবাৰে হোৱা এই ৰক্তপাতৰ বিষয়ে মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰথম প্ৰকাশ কৰিছিল ভাৰতীয় সেনাৰ সূত্ৰই। প্ৰথমে কোৱা হৈছিল যে এই খণ্ডযুদ্ধৰ ফলত ভাৰতীয় সেনাৰ এজন বিষয়া সহ তিনি ভাৰতীয় সেনাৰ মৃত্যু হৈছে। তাৰ পিছতে খবৰ আহিল যে মৃত্যু হৈছে কমেও ৫ জন চীনা সৈনিকৰো। কিন্তু নিশা ৮ বজাৰ পিছত খবৰ আহিল এই খণ্ডযুদ্ধৰ ফলত দুয়ো পক্ষৰ কমেও ২০ জন জোৱান -সামৰিক বিষয়াই প্ৰাণ দিছে গালৱানত। কিন্তু আজি ৰাতিপুৱাৰ পৰা প্ৰচাৰিত সূত্ৰৰ খবৰ অনুসৰি সোমবাৰৰ নিশাৰ ঘটনাত ব্যাপক লোকচান হৈছে চীনৰো। সীমান্তত দেখা গৈছে বহু সংখ্যক চীনা এম্বুলেন্স ।লগতে দেখা গৈছে ষ্ট্ৰেছাৰত উঠাই বহু সংখ্যক নিহত আৰু আহত চীনা সৈনিকক সেই বিবদমান এলেকাৰ পৰা আঁতৰাই নিয়া দৃশ্য। সূত্ৰটোৰ মতে চীনৰ কমেও ৪০ জন সামৰিক লোক এই খণ্ডযুদ্ধৰ সময়ত হতাহতি হৈছে। কিন্তু চীনে এই সকলো তথ্য গাপ দি ৰখাৰ চেষ্টা কৰিছে। একেটা সুত্ৰৰে খবৰ যে এই সংঘৰ্ষত চীনা সামৰিক বিভাগৰ এজন কামাণ্ডিঙ অফিচাৰো নিহত হৈছে। এই ঘটনাৰ পিছৰে পৰা গালৱান নদীৰ আকাশমাৰ্গত দেখা গৈছে চীনৰ কেইবাখনো সামৰিক হেলিকপ্টাৰৰ সঘন অহা যোৱা। ভাৰতৰ একাংশ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে এই খণ্ডযুদ্ধত ভাৰতৰ ২০ জোৱান শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ ৪০-৪৫ সামৰিক বিষয়া , জোৱান হতাহতি হোৱা বুলি বাতৰি প্ৰচাৰ কৰিছে। কিন্তু চীনে হতাহতৰ এই সংখ্যা অস্বীকাৰ কৰিছে।