লখিমপুৰত এক দূৰ্ৰঘটনা, পাহাৰ খহি মৃত্যুত পতিত হয় এগৰাকী মহিলা

নিউজ ডেস্ক ,২৪ এপ্ৰিল : লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত পাহাৰ খহি অহাৰ ফলত মৃত্যু হয় এগৰাকী মহিলাৰ ।
যোৱা দুদিন ধৰি ৰাজ্যত অহা প্ৰচণ্ড বৰষুণৰ বাবে পাহাৰৰ মাটি খহি হেঁচা মাৰি ধৰে মহিলা গৰাকীক পিছত মহিলাগৰাকীয়ে কৰুণ ভাৱে মৃত্যুক আকোৱালী ল’ব লগা হয় ।
লখিমপুৰৰ কেৰেকজুলি ইন্দুপুৰত নামৰ ঠাইত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা ।
জানিব পৰা মতে, পাহাৰ খহি বিৰাছন বচুমতাৰীৰ ঘৰত হেঁচা মাৰি ধৰাৰ ফলতে ঘৰৰ ভিতৰতে মৃত্যু হয় মহিলা গৰাকীৰ। মৃত্যু হোৱা মহিলা গৰাকীৰ নাম চুকুশ্ৰী বছুমতাৰী ।
মৃত্যুৰ সময়ত চুকুশ্ৰী বছুমতাৰীয়ে ঘৰৰ ভিতৰত বিচনাত শুই আছিল তেনে অৱস্থাত পাহাৰৰ পৰা মাটি খহি মহিলা গৰাকীৰ ওপৰত পৰে ।
মহিলা গৰাকীৰ ঘৰত তেওঁৰ স্বামী আছে যদিও ঘটনাৰ সময়ত তেওঁ নাছিল বাবে প্ৰাণ ৰক্ষা পৰে।
উল্লেখনীয় বিষয় যে, মৃত্যুৰ সময়ত মহিলা গৰাকীৰ আনুমানিক বয়স আছিল ৪৫ বছৰ ।