Local, Vocal, Global

লক্ষ্য ২১, আই টি চেলত অধিক গুৰুত্ব অ গ পৰ

কৰ’নাই জুৰুলা কৰা অসমত বিধান সভাৰ নিৰ্বাচনো সমাগত। গতিকে কৰ’নাৰ আতঙ্কৰ মাজতে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে ৰাজনৈতিক কুচকাৱাজো আৰম্ভ হৈছে ৰাজনৈতিক দল বোৰৰ মাজত। শাসক বিজেপিৰ জন সম্পৰ্ক অভিযানৰ সমান্তৰালকৈ এইবাৰ ডিজিটেল প্ৰচাৰৰ বাবে টঙালি বান্ধিছে মিত্ৰ দল অসম গণ পৰিষদে। তাৰেই উদ্দেশ্যে দলটোৰ আমবাৰীত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় এক গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে আই টি চেল গঠনৰ সিদ্ধান্ত এই বৈঠকতে গ্ৰহণ কৰা হয়। প্ৰতিটো আই টি চেলৰ দায়িত্বত থাকিব দলৰ কেন্দ্ৰীয় সমিতিৰ একোজন নেতা।