Local, Vocal, Global

সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

যৌন নিৰ্যাতনৰ অভিযোগত এইবাৰ সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰবক্তা

নিউজ ডেস্ক ,২৫ এপ্ৰিল:-শিক্ষকতা দৰে পবিত্ৰ কৰ্মক এনেবোৰ শিক্ষকে কুলষিত কৰি আহিছে , পূৰ্বতেও ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনা পৰিলক্ষিত হৈ আহিছে ।

এইবাৰ গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ত প্ৰবক্তাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগত সোমবাৰে প্ৰতিবাদ কৰিলে সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে ।

সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰবক্তা মানস গগৈৰ
মহানগৰীৰ সন্দিকৈ মহাবিদ্যালয়ত প্ৰতিবাদত বহে ছাত্ৰী সকল। মহাবিদ্যালয় খনৰ প্ৰবক্তা মানস গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰী সকলে।

পাঠদান নকৰি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ কৰে ছাত্ৰীসকলে। মহাবিদ্যালয়ৰ প্ৰবক্তা মানস গগৈক স্থায়ী ভাবে নিলম্বনৰ দাবী কৰে ছাত্ৰীসকলে।

উল্লেখযোগ্য যে, সেই একে অভিযোগতে বিগত এটা বছৰে অস্থায়ী নিলম্বন হৈ আছিল মানস গগৈৰ ওপৰত । অস্থায়ী নিলম্বণৰ পাছতে আজি ২৫ এপ্ৰিল তাৰিখে পুনৰ যোগদানৰ কথা আছিল প্ৰবক্তা গৰাকী।

প্ৰৱক্তা গৰাকীয়ে পুনৰ কৰ্মত যোগদান কৰাৰ কথা জ্ঞাত হৈ মহাবিদ্যালয় খনৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষকতা দৰে পবিত্ৰ কৰ্মক কুলষিত কৰা তেনে শিক্ষক এজনে যাতে পুনৰাই মহাবিদ্যালয় পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে সেয়ে, প্ৰতিবাদ ছাত্ৰী সকলৰ।

সংবাদ মাধ্যমৰ আগত ছাত্ৰী সকলৰ মন্তব্য-” আমি বাহিৰত সুৰক্ষিত নহয়েই, এতিয়া যদি ক্লাছতো আমি সুৰক্ষিত নহয় কেনেকৈ তেখেতৰ ওচৰত পুনৰ ক্লাছ কৰিম।”

প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ছাত্ৰীয়ে সাব্যস্ত কৰা এই প্ৰতিবাদ কাৰ্যসূচীত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কি সিদ্ধান্ত ল’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষনীয় হ’ব ।