Local, Vocal, Global

যোৰহাটৰ কেন্দুগুৰি বাইবাছত ভংয়কৰ পথ দুৰ্ঘটনা

চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ ফলত যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে সংঘটিত হ’ব ধৰিছে ভংয়কৰ পথ দুৰ্ঘটনা৷ আজি এখন বলেৰ’ পিকাপ ভান আৰু যাত্ৰীবাহী টেম্পৰ মাজত মুখামুখি সংঘৰ্ষ লাগে৷ ফলত কেইবাগৰাকী লোক আহত হোৱাৰ লগতে কথমপি প্ৰাণৰক্ষা পৰে ৮ বছৰীয়া এটা শিশুৰ৷ জানিব পৰা মতে, অটোখনত ৫গৰাকী যাত্ৰী আছিল৷ এগৰাকী মহিলা সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে৷