যোগী আদিত্য নাথৰ ৰাজ্যত ধৰ্ষণ হত্যাৰ প্ৰতিযোগিতা!
বাৰাবাংকিত চিৰিয়েল কিলাৰ!

এইবাৰ বাৰাবাংকি ছিৰিয়েল কিলাৰ। ইটোৰ পিছত সিটোক হত্যা, টাৰ্গেট লৈছে মহিলাক। আকৌ ছিৰিয়েল কিলাৰৰ ভয়ত কপিছে ৰাজ্য।চিনেমাৰ নায়কৰ দৰে একেৰাহে হত্যা কৰিছে মহিলাক ! এইবাৰ হত্যাকাৰীৰ লক্ষ্য মহিলাৰ ওপৰত । সকলো মহিলাৰ বয়স প্ৰায় ৫০ৰ পৰা ৬০ৰ ভিতৰত! প্ৰত্যেকৰে শৰীৰত একেখিনি আঘাতৰ চিন। সকলোকে একেদৰে হত্যা কৰিছে এই হত্যাকাৰীয়ে। শুনি আপোনাৰ নিশ্চয় গাৰ নোম সিয়ৰি উঠিছে । এইয়া নিশ্চিতভাৱেই এজন ছিৰিয়েল কিলাৰৰ কাম!হিন্দুত্ববাদৰ দুৰ্গ উত্তৰ প্ৰদেশৰ বাৰাবাংকিত অভিযুক্তক বিচাৰি আৰক্ষীৰ ছটা দলে অভিযান চলাই আছে এই হত্যাকাৰীক বিচাৰি ।
ইতিমধ্যে ছচিয়েল মিডিয়াত বিয়পি পৰিছে অভিযুক্ত হত্যাকাৰী যুৱকৰ ছবি। তিনিটা হত্যাকাণ্ডৰ পিছত অঞ্চলটোত আতংক। বহুতে অকলে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰে। ৬ ডিচেম্বৰত পোহৰলৈ আহিছিল প্ৰথমটো হত্যাকাণ্ড। তাৰ পিছত ৭ ডিচেম্বৰত দ্বিতীয় প্ৰৌদাৰ মৃতদেহ উদ্ধাৰ হয়। একেদৰে ৩০ ডিচেম্বৰত উদ্ধাৰ হৈছিল তৃতীয়টো মৃতদেহ। কোনো এটা ক্ষেত্ৰতে মৃতকৰ মৃতদেহত কোনো কাপোৰ নাছিল। শৰীৰৰ মূৰ আৰু মুখত আঘাতৰ চিন দেখা পোৱা গৈছিল। একেৰাহে তিনিটা অনুৰূপ হত্যাকাণ্ডৰ পিছত আৰক্ষীয়ে উপলব্ধি কৰে যে এইটো কোনো বিচ্ছিন্ন কাণ্ড নহয়। এয়া এজন ছিৰিয়েল কিলাৰৰ কাম।
৬ ডিচেম্বৰত সংঘটিত হৈছিল প্ৰথম হত্যা। অযোধ্যা জিলাৰ খুছেটি গাঁৱৰ এগৰাকী মহিলাই যোৱা ৫ ডিচেম্বৰত কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই আহিছিল। দুপৰীয়ালৈকে ঘৰলৈ উভতি নাহিলে পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিল। ৬ ডিচেম্বৰত এক নিৰ্জন স্থানত উদ্ধাৰ হৈছিল এগৰাকী ৬০ বছৰীয়া মহিলাৰ উলংগ মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটোৰ মূৰত আঘাতৰ চিন আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে মহিলাগৰাকীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা হৈছে।
১৭ ডিচেম্বৰত দ্বিতীয়টো হত্যাকাণ্ড। ১৭ ডিচেম্বৰত এজন বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হয়। পথাৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী ৬২ বছৰীয়া মহিলাৰ উলংগ মৃতদেহ। হত্যা প্ৰায় একেদৰেই কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ধৰ্ষণৰ পিছতো ডিঙি চেপি হত্যা কৰা হৈছিল। এই মহিলাগৰাকীৰ মূৰ আৰু মুখতো আঘাত পাইছিল।
৩০ ডিচেম্বৰত পুনৰ উদ্ধাৰ হয় প্ৰৌধাৰ মৃতদেহ।
যোৱা ৩০ ডিচেম্বৰত বাৰাবাংকিৰ থাথাৰহা গাঁৱৰ পৰা আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ৰামছনেহিঘাট কোতৱালীৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত থকা এই ঘটনাৰ পিছত আৰক্ষীয়ে ধাৰাবাহিক হত্যাকাণ্ডৰ বিষয়ে নিশ্চিত কৰে। জানিব পৰা মতে, ২৯ ডিচেম্বৰ নিশা মহিলাগৰাকীয়ে বাথৰুমলৈ যাবলৈ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছৰ পৰা তেওঁক বিচাৰি পোৱা নাই। যোৱা ৩০ ডিচেম্বৰত ৫৫ বছৰীয়া এজন ব্যক্তিৰ উলংগ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। একেদৰেই হত্যা!তাৰ পিছত আৰক্ষীয়ে ছিৰিয়েল কিলাৰক বিচাৰিবলৈ আৰম্ভ কৰিলে। বৰ্তমান আৰক্ষীৰ ছজনীয়া এটা দলে বিভিন্ন অঞ্চলত তালাচী চলাই আছে এই হত্যাকাৰীৰ।