Local, Vocal, Global

মৰিয়নিত জঘন্য কাণ্ড, নাবালিকাক ধৰ্ষন কৰি ভিডিঅ’ প্ৰস্তুত

মৰিয়নিৰ হেমলাই চাহ বাগিছাত সংঘটিত হৈছে এটা জঘন্য কাণ্ড। বাগিছা খনৰ নৱম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰীক বাগিছা খনৰ বিনয় দত্ত আৰু সমীৰ নায়ক নামৰ দুজন যুৱকে ধৰ্ষন কৰে।ছাত্ৰী গৰাকী সমীপৰে এগৰাকী বান্ধৱীৰ ঘৰৰ পৰা সন্ধিয়া সময়ত জন্মদিন খাই উভটাৰ সময়তে বিনয় দত্ত নামৰ যুৱক জনে বন্ধু সমীৰ নায়কৰ সহযোগত ছাত্ৰী গৰাকীক মুখত সোপা দি বাগিচাৰ মাজৰ এটা পৰিত্যক্ত গৃহলৈ চোঁচৰাই নি উপযুপৰি  ধৰ্ষন কৰে। আনহাতে এই ধৰ্ষন কাণ্ডৰ সমগ্ৰ দৃশ্য দুই ধৰ্ষন কাৰীয়ে ম’বাইল কেমেৰাত আবদ্ধ কৰি হোৱাটচএপ যোগে ভাইৰেল কৰি দিয়ে।