মৰিগাঁওত মন্ত্ৰী পীয়ুষ হাজৰিকা
-অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পোৱাৰ পিছত পোনপ্ৰথম বাৰৰ বাবে মৰিগাঁওত উপস্থিত হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা ।
সমগ্র দেশৰ লগতে অসমতো দিনক দিনে বৃদ্ধি পোৱা কভিড সংক্ৰমণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ প্ৰতিখন জিলাৰ কভিড পৰিস্থিতি প্ৰৰ্যালোচনা কৰি প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ মন্ত্ৰী সকলক দায়িত্ব অৰ্পণ কৰিছিল। তাৰ পৰিপেক্ষিতত শনিবাৰে মৰিগাঁওত আহি উপস্থিত হয় কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা।
মন্ত্ৰী হাজৰিকাক মৰিগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলে উষ্ম আদৰণি জনোৱাৰ লগতে মৰিগাঁও জিলাৰ মৰিগাঁও সদৰ আৰু লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে ৰমাকান্ত দেউৰী আৰু আছিফ মহম্মদ নাজাৰক লগত লৈ জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলক লগত লৈ জিলা খনৰ কভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ অন্তত মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কভিড কেয়াৰ চেন্টাৰত উপস্থিত হৈ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক নিস্তাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই।