Local, Vocal, Global

মৰাণত তিনি শতাধিক লোকৰ স্বোৱাব সংগ্ৰহ

130

মৰাণত আৰক্ষী, ASTC কৰ্মচাৰী, পে’ট্ৰল পাম্পৰ কৰ্মচাৰীসহ তিনি শতাধিক লোকৰ স্বোৱাব সংগ্ৰহ। মৰাণত কোৱাৰেন্টিন চেন্টাৰত কৰ্তব্যৰত চাৰিগৰাকীকৈ চৰকাৰী কৰ্মচাৰী ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছতে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে স্বাস্থ্য বিভাগে ৷ আক্ৰান্তৰ পৰিয়ালৰ সদস্যৰ লগতে সংস্পৰ্শলৈ অহা বহু লোকৰ ইতিমধ্যে স্বোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ১২গৰাকী স্বাস্থ্যকৰ্মীক হোটেল কোৱাৰেন্টিন কৰা হৈছে ৷ আক্ৰান্ত লাট মণ্ডল তিনিজনে মৰাণৰ বানপীড়িত বহু গাঁৱত বান সাহাৰ্য প্ৰদানতো নিয়োজিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত মৰাণৰ বিভিন্ন অঞ্চলত এতিয়া আতংকৰ সৃষ্টি হৈছে ৷ স্বাস্থ্য বিভাগে ইতিমধ্যে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ৪০গৰাকী কৰ্মচাৰীৰ স্বোৱাব সংগ্ৰহ কৰাৰ উপৰিও বান সাহায্য প্ৰদান কৰা খোৱাং হালধিবাৰী মইনা গাঁও, লেঙেৰী শলগুৰী গাঁৱৰ বহু লোকৰ স্বোৱাব সংগ্ৰহ কৰি সংস্পৰ্শলৈ অহা লোকসকলক  ছেলফ কোৱাৰেন্টিনৰ  পৰামৰ্শ দিছে ৷ আনহাতে স্বাস্থ্য বিভাগে বিগত দুটা দিনত মৰাণ আৰক্ষী থানাৰ আৰক্ষী, খোৱাং আৰক্ষী, মৰাণ ASTC বাছ আস্থান, পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীকে ধৰি তিনি শতাধিক লোকৰ স্বোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷