মোদীৰ অগ্নিপৰীক্ষা, গুজৰাটত ভোট গণনা আৰম্ভ, ২২ আসনত আগবাঢ়িছে বিজেপি

গুজৰাটত ভোট গণনা আৰম্ভ হৈছে৷ ২২ খন আসনত বিজেপি আৰু ৯ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে৷ বিজেপি ১৯৯৮ চনৰ পৰা গুজৰাটত শাসনত আছে। ইয়াৰ প্ৰধান মানুহগৰাকী হৈছে নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গৃহ ৰাজ্য গুজৰাটত বিজেপি ব্যাপক শক্তিশালী হয়৷ তাৰ আগতে ১৯৯৫ চনত গেৰুৱা শিবিৰ ক্ষমতালৈ আহে। কিন্তু চৰকাৰে ইয়াক বৰ্তাই ৰাখিব নোৱাৰিলে। কিন্তু নৰেন্দ্ৰ মোদীৰ দিনত গুজৰাটত প্ৰায় ২৭ বছৰ ধৰি শাসনত আছে বিজেপি৷
আজিৰ গুজৰাটৰ ফলাফলে নৰেন্দ্ৰ মোদীৰ আহি থকা দিনৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব৷ যদিহে আজিৰ ৰাজনীতিত কোনো হেৰফেৰ হয় তেন্তে বিৰোধীয়ে আক্ৰমণ কৰিবলৈ সুবিধা পাব৷ আনহাতে গুজৰাটত বিজেপি সফল হ’লে ইয়াৰ ক্ৰেডিট লাভ কৰিব নৰেন্দ্ৰ মোদীয়ে৷ ইমানে নহয় ২৪ৰ নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোদীৰ পথ মসৃণ হ’ব৷
যদি গুজৰাটত বিজেপি জয়ী হয় একেৰাহে সাতবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে নৰেন্দ্ৰ মোদীয়ে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ’ব৷ পশ্চিমবংগত বানপন্থী দলে বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ অভিলেখৰ সমান হ’ব। এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বি হৈছে কংগ্ৰেছ আৰু আম আদমী পাৰ্টি। অৰ্থাৎ এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ যুঁজ তিনিমুখী হ’বলৈ গৈ আছে।