Local, Vocal, Global

মেঘালয়ৰ কংগ্ৰেছ বিধায়ক আজাদ জামানৰ মৃত্যু

মেঘালয়ৰ কংগ্ৰেছ বিধায়ক আজাদ জামানৰ মৃত্যু । ৪২ বছৰ বয়সত বৃহস্পতিবাৰে পশ্চিম গাৰো পাহাৰস্থিত নিজা বাসগৃহত হৃদযন্ত্ৰ বিকলৰ ফলত মৃত্যু হয় মেঘালয়ৰ ৰাজাবালা সমষ্টিৰ বিধায়কজনৰ । গতিশীল আৰু যুৱ নেতা যিয়ে মানুহৰ কেৱল মানুহৰ বাবে অক্লান্তভাৱে কাম কৰিছিল বুলি সমষ্টিবাসীয়ে শোক প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ক’ৰাদ চাংমাই টুইট কৰি কয় যে – “তেওঁ এজন সক্ৰিয় বিধায়ক আছিল আৰু তেওঁৰ জ্ঞান আৰু অভিজ্ঞতাৰে সকলো সমৃদ্ধ কৰি ৰাখিছিল” । তাৰোপৰি মেঘালয় বিধান সভাৰ অধ্যক্ষ মেটবাহ লিংগদোহৰ লগতে সমষ্টি তথা মেঘালয়ৰ জনতাই শোক প্ৰকাশ কৰিছে ।