Local, Vocal, Global

মুথুট গ্রুপৰ অধ্যক্ষৰ চতুৰ্থমহলা অট্টালিকাৰ পৰা পৰি মৃত্যু..

মুথুট গ্রুপৰ অধ্যক্ষ এম.জি জর্জ মুথুটৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হয়। দিল্লী আৰক্ষীৰ অন্তৰ্গত পূব কৈলাশৰ এটা অট্টালিকাৰ পৰা পৰি মুথুটে মৃত্যুক আঁকোৱালি লয়। গুৰুত্বপূৰ্ণ যে ঘটনাটো ঘটাৰ ঠিক পিছতেই তেওঁক ততাতয়াকৈ ফটিছ এছকৰ্ট চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও দুৰ্ভাগ্যৱশত: চিকিৎসাৰ সময়তেই তেওঁক মৃত বুলি ঘোষণা কৰা হয়। মুথুটৰ মৃত্যু হত্যাকাণ্ড বুলি এচামে সন্দেহ কৰিছিল যদিও মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ দ্বাৰা আৰক্ষীয়ে হত্যাকাণ্ড নহয় বুলি জানিবলৈ দিয়ে।