Local, Vocal, Global

মুখ্য মন্ত্ৰী আদিত্যনাথ আৰু গোৰখনাথ মন্দিৰ একেসময়তে উৰুৱাই দিয়াৰ ভাবুকি লেডীডনৰ

নিউজ ডেস্ক,৭ ফ্ৰেব্ৰুৱাৰীঃ মুখ্য মন্ত্ৰী আদিত্যনাথ আৰু গোৰখনাথ মন্দিৰ একেসময়তে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল লেডীডন নামৰ এটা এটা একাউন্টৰ পৰা ।এই টুইট পোৱাৰ পিছতেই এতিয়া বৃহৎ চাঞ্চল্যৰ সৃষ্টি হৈছে।এই টুইটৰ পিছতে এতিয়া গোৰখনাথ মন্দিৰৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথৰ নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে।আৰক্ষীয়ে কোন এই লেডীডন, প্ৰকৃততে লেডীডন একাউণ্ট টু কোনে ব্যৱহাৰ কৰিছে এই সকলো তথ্য জানিবৰ বাবে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।লেডীডন নামৰ টুইটাৰ হেণ্ডেল তোৰ পৰা পুনৰ এটা এটা টুইট কৰা হৈছিল যে চুলেইমান ভাই য়ে গোৰখনাথ মন্দিৰত বোমা স্থাপন কৰিছে, এই টুইট পোৱাৰ পিছতে গোৰখ পুৰৰ জ্যেষ্ঠ আৰক্ষী বিপিন টাডাৰ নেতৃত্বত মন্দিৰত এক বৃহৎ কোম্বিং ড্ৰাইভ আৰম্ভ কৰিছিল কিন্তু কোনো বোমা পোৱা নগল।