মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰি এনকাউণ্টাৰৰ সন্দৰ্ভত চিআইডি তদন্তৰ নিৰ্দেশ প্ৰদান…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ওদালগুৰি এনকাউণ্টাৰৰ চিআইডি তদন্তৰ নেতৃত্ব দিবলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক নিৰ্দেশ প্ৰদান কৰিছিল।ড০ হিমন্ত বিশ্ব শৰ্মাই ডিজিপিক দুসপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷
ওদালগুৰি জিলাত সংঘটিত এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত এজন ডকাইতৰ মৃত্যু আৰু উপ-পৰিদৰ্শক হীৰা জ্যোতি পেগি আৰু কনিষ্টবল সুকুমাৰ বৰ্মন নামৰ দুজন আৰক্ষী কৰ্মী আহত হোৱা আৰু এনকাউণ্টাৰত কিছু অস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ঘটনাটোৰ তথ্যগত বিৱৰণ জানিবলৈ চিআইডি তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে,ইতিমধ্যে দণ্ডাধীশতদন্ত আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।