মুখ্যমন্ত্ৰীৰ সৈতে আৰক্ষী অধীক্ষকৰ সন্মিলন,১৮ ঘন্টা চলিল এই বৈঠক
নিউজ ডেস্ক,৪জানুৱাৰী:দুলিয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ বিশেষ সন্মিলনৰ প্ৰথমটো দিনত আৰক্ষী সন্মিলনৰ প্ৰথমটো দিনত আৰক্ষী অধীক্ষক সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পুৱতি নিশা ৪ বজালৈ একেৰাহে ১৮ ঘণ্টা ধৰি চলিল বৈঠক।টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই কথা।উল্লেখ্য যে, অসম আৰক্ষীত সংস্কাৰ সাধনৰ লক্ষ্যৰে দুলিয়াজানত দুদিনীয়াকৈ অনুষ্ঠিত সন্মিলনত ৰাজ্যখনৰ ৩৪খন জিলাক প্ৰতিনিধিত্ব কৰা প্ৰায় ১২৮গৰাকী আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰিছে।আৰক্ষী জনসাধাৰণৰ প্ৰতি অধিক দায়বদ্ধ হোৱা, শূণ্য সহনশীলতা নীতিৰে সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱা,আৰু ১০ মে’ৰ ভিতৰত অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা ইত্যাদি বিষয় সমূহৰ বিষয়ে আলোচনা কৰা হয়।