Local, Vocal, Global

মুকলি আকাশৰ তললৈ চাফুৰা

জামিয়া মিলিয়াৰ কাৰাৰূদ্ধ ছাত্ৰী ছাফুৰা জাৰ্গাৰৰ জামিন মঞ্জুৰ।
‘কা’ আন্দোলনত উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছিল ছাত্ৰীগৰাকীক।
সন্ত্ৰাসবিৰোধী আইন ইউ এ পি এৰ অধীনত আটক কৰা হৈছিল ছাত্ৰীগৰাকীক।
অন্ত:সত্বা ছাত্ৰীগৰাকীৰ বিৰূদ্ধে মানৱীয় দৃষ্টিকোণেৰে চৰকাৰীপক্ষই আদালতত নতুনকৈ যুক্তি দৰ্শোৱাৰ পৰা বিৰত থাকে।
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ কৰি ১০,০০০ টকাৰ ব্যক্তিগত আমানতত দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ছাত্ৰীগৰাকীৰ।
উল্লেখযোগ্য যে ‘কা’ আন্দোলনৰ সময়ত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জড়িত হোৱাৰ অভিযোগত সম্প্ৰতি তিহাৰ জে’লত বন্দী হৈ আছে অসম কণ্যা তথা জে এন ইউৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা।