Local, Vocal, Global

মাজুলীত নিৰ্মাণ হ’ব অত্যাধুনিক জাহাজ বন্দৰ

ডিজিটেল ডেস্ক- মাজুলিবাসীৰ বাবে সু-খবৰ অতী শীঘ্ৰেই মাজুলীত নিৰ্মাণ হ’ব অফলা ঘাট আৰু নিমাতী ঘাট নামৰ দুটাকৈ অত্যাধুনিক জাহাজ বন্দৰ৷ মঙলবাৰে মাজুলীৰ অফলাঘাটত উপস্থিত হয় বিশ্ব বেংকৰ প্ৰতিনিধি দল৷ অফলাঘাটত নিৰ্মাণ হ’বলগীয়া জাহাজ বন্দৰৰ বাবে ঠাই পৰিদৰ্শন কৰে বিশ্ব বেংকৰ চাৰিগৰাকীকৈ প্ৰতিনিধিয়ে৷

নিমাতী ঘাটত ৬৭ কোটি আৰু অফলা ঘাটত ২১ কোটি টকাৰে নিৰ্মাণ হ’ব এই বন্দৰ দুটা৷
জানিব পৰা মতে বিশ্ব বেংক আৰু অসম চৰকাৰৰ পুঁজিৰে নিৰ্মাণ হ’ব এই বন্দৰ দুটা ৷
১৮ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ব এই বন্দৰ দুটাৰ নিৰ্মাণ কাৰ্য৷ এই বন্দৰ কেইটা নিৰ্মাণ সম্পূৰ্ণ হ’লে বিদেশী পৰ্যটকসকলে মাজুলীলৈ অহা যোৱাৰ সুবিধা হোৱাৰ লগতে পৰ্যটন ক্ষেত্ৰত যথেষ্ট উন্নয়ন লাভ হ’ব ৷
এই দুই বন্দৰে বৰ্তমান মাজুলীবাসীৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷